মুখ্য পৃষ্ঠা
06/04/25
15:44
• সপোন এনেদৰেই ভাঙে •
সপোনৰ সুকোমল দলিচাত
উশাহ বোৰে বাগৰ সলায়
নিদ্ৰাৰ তন্দ্ৰা ভাঙি পাৰ হয়
বুকুৰ ভিতৰে এজাক কাল ধুমুহা ।
ধুঁৰিয়ৰী বাটত চিনাকি খোজৰ
ছবি বিচাৰি
অখ্যাত চিত্ৰ শিল্পীৰ সঘন আহ যাহ ।
তুলিকাৰ পৰিধি পাৰ হৈ
চকুলো বৈ যায় অসীমলৈ ।
মৌনতাৰ কোঠাত কবিয়ে উচুপে
সপোন বোৰ
বেইৰঙী হোৱা দিনৰে পৰা
কলমে গতি সলালে ।
স্থিৰ হৈ গোপনে বুকুত আঁকে
তেজৰ ৰঙেৰে কবিতাৰ মালিতা ।
কলিজা ফাটি এফুট তেজ নিগৰে
উশাহ বোৰে অনুভৱক বাধা দিয়ে ।
মেঘালী সৰা দিন বোৰ বুকুত বান্ধী
ফটা কম্বলৰ অম্বেষনত নামে এজাক
শিশু ।
নাম থলে কোনোয়ে জাৰজ
কিন্তু কাৰ বাবে ?
চহৰ খনে গভীৰ নিশাও প্ৰাণ পায়
অথচ ,
গাওঁ বোৰ মৰিশালী হৈ পৰে ।
শিশুবোৰে ভয় কৰে
দানৱৰ ৰঙা চকুত ,
জীয়াই থকাৰ আশা এৰি
প্লেটফৰ্মৰ এচুকত নিজক কবৰ দিয়ে ।
কবিৰ অথবা চিত্ৰকৰৰ অযুত সপোন
এনেদৰেই হঠাতে ভাঙে ।
© ৰাজু কলিতা
28/02/15